মৰিয়নিৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰস্তুত কৰিছে ঔষধি গুন সম্পন্ন বিশেষ চাহ
যোৰহাট, ০৬ জানুৱাৰী (হি.স.)। মৰিয়নিৰ চেলেংহাটৰ উদ্যমী যুৱ ব্যৱসায়ী তথা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে প্ৰস্তুত কৰি উলিয়াইছে ঔষধি গুণ সম্পন্ন চাৰি বিধ বিশেষ চাহ। অচ্যুত প্ৰসাদ গগৈয়ে পুনজয় অৰ্গেনিকৰ বেনাৰত শেষতীয়াকৈ শেৱালী ফুলৰ পাহিৰ সং
মৰিয়নিৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰস্তুত কৰিছে ঔষধি গুন সম্পন্ন বিশেষ চাহ


যোৰহাট, ০৬ জানুৱাৰী (হি.স.)। মৰিয়নিৰ চেলেংহাটৰ উদ্যমী যুৱ ব্যৱসায়ী তথা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে প্ৰস্তুত কৰি উলিয়াইছে ঔষধি গুণ সম্পন্ন চাৰি বিধ বিশেষ চাহ। অচ্যুত প্ৰসাদ গগৈয়ে পুনজয় অৰ্গেনিকৰ বেনাৰত শেষতীয়াকৈ শেৱালী ফুলৰ পাহিৰ সংমিশ্ৰনেৰে জেচমিন গ্ৰীণ,অপৰাজিতা ফুলৰ পাহিৰ সংমিশ্রনেৰে ব্লু টি, তুলসী পাতৰ সংমিশ্রনেৰে তুলসী গ্ৰীণ আৰু ঢেকীত খুন্দা চাহৰ সৈতে গোলাপৰ পাহিৰ সংমিশ্ৰনেৰে ৰ’জ ফ্লাৱাৰ মিক্স ব্লেক টি প্ৰস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে।

এই চাহ কেইবিধ স্বাস্থ্যৰ বাবে উপকাৰী ঔষধি গুণ সম্পন্ন বুলি জানিবলৈ দিছে জৈৱিক চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে। উল্লেখ্য যে, ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে ২০১৩ চনৰ পৰা জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি আহিছে। ইতিমধ্যে তেঁওৰ দ্ধাৰা উৎপাদিত গ্ৰীণ টি, মচলা টি, প্ৰিমিয়াম কোৱালিটি অৰ্থডক্স টি, হেণ্ড মেড অৰ্থডক্স টি,অলং টি, হোৱাইট টিয়ে অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা লগতে বিদেশটো সমাদৰ লাভ কৰি আহিছে। অচ্যুত প্ৰসাদ গগৈৰ উৎপাদিত চাহ ইতিমধ্যে কানাডা, অষ্ট্ৰেলিয়া, ব্ৰাজিলকে ধৰি বিশ্বৰ কেইবাখনো দেশলৈ ৰপ্তানি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande