
বৰপেটা, ০৬ জানুৱাৰী (হি.স.)। কলগাছিয়া বজাৰৰ মাজমজিয়াত হঠাৎ দাউ দাউকৈ জ্বলি উঠিল এখন স্কুটি। ৰখাই থোৱা অৱস্থাত হঠাৎ জুই জ্বলি উঠাত আতংকিত ৰাইজ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰৰ মাজ মজিয়াত আজি কিছু সময় পূৰ্বে ৰখাই থোৱা এখন স্কুটিত দাউ দাউ কৈ জ্বলি উঠে জুই।
ডব্লিউ বি ৭৪ এআৰ ৯০৯৯ নম্বৰৰ হিৰো স্কুটিত হঠাৎ জুই জ্বলি উঠাত ৰাইজে নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। পিছে কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বজাৰ খনত এক আতংকৰ সৃষ্টি হয়। স্কুটি খন শৰিয়াতপুৰ গাৱঁৰ সেনা জোৱান হাফিজুৰ ৰহমান খানৰ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু