ধুবুৰী জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ
ধুবুৰী, ০৬ জানুৱাৰী (হি.স.)। প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ। ধুবুৰী জিলা শিক্ষা বিভাগে জাৰী কৰিছে নিৰ্দেশনা। অহাকালিৰ পৰা অৰ্থাৎ ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰী লৈ বন্ধ থাকিব সকলো চৰকাৰি-
ধুবুৰী জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ


ধুবুৰী, ০৬ জানুৱাৰী (হি.স.)। প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ। ধুবুৰী জিলা শিক্ষা বিভাগে জাৰী কৰিছে নিৰ্দেশনা। অহাকালিৰ পৰা অৰ্থাৎ ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰী লৈ বন্ধ থাকিব সকলো চৰকাৰি-বেচৰকাৰী বিদ্যালয় সমূহ।

অৱশ্যে পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। ৰাজ্যৰ শিক্ষা বিভাগেও অসমত বৰ্তমান অব্যাহত থকা প্ৰচণ্ড শীত প্ৰবাহৰ বাবে চৰকাৰী বিদ্যালয় খোলাৰ সময় সূচী কিছু পৰিবৰ্তন কৰা বুলি জানিব পৰা গৈছে। শীত কালত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল প্ৰচণ্ড শীতৰ সন্মুখীন হৈ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰিয়ে বিদ্য়ালয় সমূহ বন্ধ ৰখা হৈছে বুলি শিক্ষা বিভাগৰ এক সুত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande