
গোলাঘাট, ০৬ জানুৱাৰী (হি.স.)। অসমত চূড়ান্তভাৱে ব্যৰ্থ জলজীৱন মিছন। ফ্লপ শ্বলৈ পৰিণত জলজীৱন মিছন আঁচনি। ৰাইজে উদঙালে জলজীৱন মিচনৰ ফোঁপোলা স্বৰূপ। বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৰাংঢ়ালি মলীয়া চাপৰি গাঁৱৰ ৰাইজৰ । গাওঁ খনৰ ১৫০ টাৰো অধিক পৰিয়ালৰ খোৱাপানীৰ একমাত্ৰ ব্যৱস্থা মাথোঁ এটা দমকল । যিয়ে প্ৰমাণ কৰিলে ৰাজ্যৰ জলজীৱন মিছনৰ ফোঁপোলা স্বৰূপ। অসাৰ প্ৰতিপন্ন হ'ল ঘৰ ঘৰ নল ঘৰ ঘৰ জল শ্লগান ।
চাৰিটা বছৰৰ আগতেই প্ৰকল্পটোৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত হৈ নুঠিল সম্পূৰ্ণ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে বিফলতাত এতিয়া ৰাইজৰ অন্তহীন দুৰ্দশা । হাবি জংঘলেৰে আৱৰা প্ৰকল্পটো ভাঙি পেলোৱাৰ সিদ্ধান্ত ৰাইজৰ ।আনহাতে,বিভাগীয় মন্ত্ৰীৰ অকমৰ্ণ্যতা তথা কমিচনৰাজৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। লগতে, ২৬ ৰ নিৰ্বাচনতো সমস্যাৰে জৰ্জৰিত এই সকল জনতাই চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ