বাক্সাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হৰিণা উদ্ধাৰ কৰি মুকলি কৰি দিলে মানাহত
বাক্সা, ০৬ জানুৱাৰী (হি.স.)। বাক্সাৰ কাজিয়ামাটিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা হৰিণা উদ্ধাৰ কৰি মুকলি কৰি দিলে মানাহত। কাজিয়ামাটি গাঁৱবাসীয়ে কালি বিয়লি হৰিণা পোৱালি এটা প্ৰত্যক্ষ কৰি আবদ্ধ কৰে আৰু স্থানীয় লাৱদাংগুৰী আৰক্ষীক খবৰ দিয়ে।
বাক্সাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হৰিণা উদ্ধাৰ কৰি মুকলি কৰি দিলে মানাহত


বাক্সা, ০৬ জানুৱাৰী (হি.স.)। বাক্সাৰ কাজিয়ামাটিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা হৰিণা উদ্ধাৰ কৰি মুকলি কৰি দিলে মানাহত।

কাজিয়ামাটি গাঁৱবাসীয়ে কালি বিয়লি হৰিণা পোৱালি এটা প্ৰত্যক্ষ কৰি আবদ্ধ কৰে আৰু স্থানীয় লাৱদাংগুৰী আৰক্ষীক খবৰ দিয়ে। লাৱদাংগুৰী আৰক্ষীয়ে খবৰ পোৱাৰ পাছতেই মানাহৰ কাহিতামা বন বিভাগৰ সহায়ত হৰিণাটো উদ্ধাৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।

ইয়াৰ পুৰ্বেও সময়ে সময়ে অঞ্চলটোত বন্যপ্ৰাণী ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে।দুৰ্ভাগ্যবশত একাংশ দুস্কৃতিকাৰীৰ হাতত কিছু বন্যপ্ৰাণী মৃত্য়ুমুখত পৰে। বন্যপ্ৰাণীৰ চোৰাং বেহাৰ সৈতে জৰিত একাংশ দুস্কৃতিকাৰী বনাঞ্চলৰ পৰা বন্যপ্ৰাণী সমূহ চোৰাংভাবে ধৰি আনি বজাৰত গোপন ভাবে বিক্ৰী কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande