
নগাঁও, ০৬ জানুৱাৰী (হি.স.): হেপাঁহৰ ভোগালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি চলিব ধৰিছে ।
নগাঁও পুৰণিগুদামত দেখা গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিকৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বঢ়মপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজন কৰা হৈছে এখনি অসমী ভোগালী মেলাৰ। ভোগালী মেলাখনত শুভ উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে। পুৰণিগুদামৰ মাজমজিয়াত আয়োজন কৰা এই ভোগালী মেলাখনত কেইবাখনো বিপনীয়ে অংশগ্ৰহণ কৰিছে। বিশেষকৈ বিহুৰ লগত জড়িত লাৰু, পিঠাগুড়ি, পিঠাকে আদি কৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰিব মেলাখনৰ বিপনীৰ পৰা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ