
গোৱালপাৰা, ০৬ জানুৱাৰী (হি.স.)। দুধনৈ আৰক্ষীৰ সফলতা ৷ দুধনৈৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বাইক-স্কুটী সহ চাৰিটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওঁক আৰু দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰ* ৰ নেতৃত্বত আৰক্ষীৰ দলে দুধনৈৰ বিভিন্ন অঞ্চলত চোৰৰ বিৰুদ্ধে অভিযান চলায় ৷
অভিযানত মৃদুল দৈমাৰী (২৯), ৰিদীপ ৰাভা (২০), নিভী ৰাজা এম চাংমা (১৯) আৰু বিতোপন ৰাভা (১৯) ক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা চুৰি ৰয়েল এনফিল্ড বাইক আৰ দুখন স্কুটী জব্দ কৰে ৷ উল্লেখ্য যে, যোৱা ২ তাৰিখে দুধনৈৰ থেকাচু দ্বিতীয় খণ্ডৰ বিশ্বজিৎ নাথ নামৰ লোকজনৰ এখন এ এছ ১৮ জি ৬৭২৩ ৰয়েল এনফিল্ড বাইক চুৰি হৈছিল ৷ চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় ৷ এই অভিযানতে আৰক্ষীয়ে চোৰ গেং সহ বাইক-স্কুটী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা