
তিনিচুকীয়া, ০৬ জানুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ কাকপথাৰত যোৱা কালি সোমবাৰে সন্ধিয়া ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এজন যুৱক থিতাতে নিহত হয় ৷ কাকপথাৰ চেলেংগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা ৷
এখন তীব্ৰবেগী পালচাৰ বাহনৰ খুণ্ডাত উফৰি গৈ যুৱক জন থিতাতে নিহত হোৱাৰ সন্দেহ কৰা হৈছে ৷ নিহত যু্ৱক জন কাকপথাৰৰ বসন্ত সূত্ৰধৰ বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহন খনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ