জুৰিয়াত দুৰ্ঘটনাত পতিত শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন
জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
জুৰিয়াত দুৰ্ঘটনাত পতিত শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন


নগাঁও, ০৬ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ জুৰিয়াত যোৱা কালি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘন কুঁৱলীৰ বাবে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন এখন দূৰ্ঘটনাগ্ৰস্ত হয়। পথ দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী।

জুৰীয়াৰ কান্ধুলীমাৰিত সংঘটিত হৈছে এই দূৰ্ঘটনা। কান্ধুলী মাৰি ছিৰাজিয়া হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হৈছিল শিক্ষামূলক ভ্ৰমণলৈ । ভালুকপুং বনভোজ স্থলীৰ পৰা শিক্ষামূলক ভ্ৰমণৰ পৰা উভতনি যাত্ৰাত স্কুল পোৱাৰ প্ৰায় এক কিলোমিটাৰ নিলগতে সংঘটিত হয় এই দূৰ্ঘটনা। ঘন কুঁৱলীৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই এই দূৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande