নলবাৰীৰ জাগাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
নলবাৰীৰ জাগাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নলবাৰীৰ জাগাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা


নলবাৰী, ০৬ জানুৱাৰী (হি.স.): নলবাৰীৰ জাগাৰাত য়োৱা কালি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই ঘটনাত চালক সহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় । ব'লেৰো পিকআপ ভেন আৰু ই ৰিক্সাৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।

মুকালমুৱা দিশৰ পৰা আহি থকা ব'লেৰো পিকআপ ভেন আৰু বনগাঁও দিশৰ পৰা আহি থকা ই-ৰিক্সাখনৰ লগত হোৱা মুখা মুখি সংঘৰ্ষৰ ফলত ই-ৰিক্সাত থকা লোক তিনিজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত ব'লেৰো পিকআপ ভেনখনৰ নম্বৰ এএছ ০১ পিচি ৪৮৭৭ হোৱাৰ বিপৰীতে ই-ৰিক্সাখনৰ নম্বৰ এএছ ১৪ ইআৰ ৭২৫৩ বুলি জনা গৈছে। নলবাৰী-মুকালমুৱা সংযোগী জাগাৰা পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ই-ৰিক্সাত আহা লোক তিনিজনৰ । দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত লোক তিনিজন ক্ৰমে বনগাঁৱৰ সোনেশ্বৰ ডেকা, দ্বিজেন ডেকা আৰু উৎপল ডেকা বুলি জানিব পৰা গৈছে। আটাইকেইজনকে ততাতয়াকৈ স্থানীয় লোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande