
মৰিগাঁও, ০৬ জানুৱাৰী (হি.স.)। বাংলাদেশ পাকিস্তানৰ সমৰ্থনত কংগ্ৰেছ দল চলে, সেয়ে বাংলাদেশীয়ে ভাল পায় কংগ্ৰেছক। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। জাগীৰোডত মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য কৰে।
মন্ত্ৰী হাজৰিকাই কয় যে অসমীয়া মানুহ আৰু খিলঞ্জীয়া মানুহ যেতিয়াই শক্তিশালী হয়, তেতিয়াই কংগ্ৰেছে বেয়া পায় ৷ বাংলাদেশ পাকিস্তানৰ সমৰ্থনত কংগ্ৰেছ দল চলে, সেয়ে বাংলাদেশীয়ে ভাল পায় কংগ্ৰেছক ৷ কংগ্ৰেছে ভালপোৱা বেয়াপোৱা চিন্তা কৰিবলৈ এতিয়া অৱকাশ নাই ৷
জাগীৰোডত বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ খচৰা ভোটাৰ তালিকাত কংগ্ৰেছী সমৰ্থক ভোটাৰৰ নাম কৰ্তনৰ কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা