
ওদালগুৰি, ০৬ জানুৱাৰী (হি.স.): সদৌ অসম নাথ যোগী যুৱ পৰিষদ, অসম প্রাদেশিক যোগী মহিলা সন্মিলনী, অসম প্রাদেশিক যোগী পুৰোহিত সম্মিলনী আৰু নাথ সাহিত্য সভাৰ সহযোগত, কালি সন্ধিয়া যোৰ সমদল উলিয়ায়। অসম প্রাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত উক্ত এই জোৰ সমদল কাৰ্যসূচী।
অসমৰ খিলঞ্জীয়া নাথযোগী সমাজক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদান কৰক । লগতে গঠন হ'ব লাগিব “নাথ যোগী উপগ্রহীয় স্বায়ত্বশাসিত পৰিষদ”, যাৰ জৰিয়তে নাথ যোগী সমাজে নিজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ দাবীৰে কঁপালে কলাইগাওঁ টাউন।ব্যানাৰ-প্লেকাৰ্ডেৰে গুঞ্জৰিত হৈ উঠে নাথ যোগী সমাজক ন্যায্য অধিকাৰ দিয়া হ'ব লাগিব। পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণী — আমাৰ জন্মাধিকাৰ!”এই সমূহ দাবীৰে কঁপালে কলাইগাঁও টাউন চৌহদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ