
তামুলপুৰ, ০৬ জানুৱাৰী (হি.স.): শীতকালৰ বছৰৰ প্ৰথম ভাগত বনভোজৰ বতৰ ৷ লগে ভাগে বনভোজ খাবলৈ বুলি সকলোৱে ঢাপলি মেলে মনোৰম সৌন্দৰ্যৰে পৰিপূৰ্ণ বনভোজ থলী সমূহলৈ। এনে এক প্ৰাকৃতি সৌন্দৰ্যৰে ভৰা বনভোজ থলী হৈছে বগামাটি ৷ বিশেষকৈ বছৰৰ প্ৰথম ভাগত দেশী-বিদেশী নানা পৰ্যটকেৰে ভৰি পৰেহি সৌন্দৰ্য ৰাণী বগামাটি তামুলপুৰ জিলাৰ অন্তৰ্গত তথা সীমান্তৱৰ্তী ভাৰত-ভূটান বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্য ৰাণী বগামাটি ৷
প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰিবলৈ বগামাটিত বহু লোকৰ সমাগম হয় ৷ বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত ৷ নৌকা বিহাৰ, ৰাফটিং, জিপ লাইন, নৈশ যাপন, জংঘল ট্ৰেকিং কৰিব পৰাকৈ বগামাটিত গ্ৰীণ ট্ৰেক এডভেন্সাৰ নামৰ সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি বিশেষ অৰিহণা যোগাই আহিছে ৷ বগামাটিৰ বৌদ্ধ মূৰ্তি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি দেখিবলৈ পোৱা যায় এই বগামাটিত ৷
বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট ৷ গাহৰি মাংস পোৰাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলদ্ধ হয় বগামাটিত৷ উল্লেখ্য যে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ