অইল ইণ্ডিয়াৰ পাইপ ফাটি তেল নিৰ্গত–টিংখাঙৰ শালমাৰি দীঘলীয়াত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা
কালি নিশা অইলৰ পাইপলাইন ফাটি অহৰহ নিৰ্গত হয় ক্ৰুড অইল।
অইল ইণ্ডিয়াৰ পাইপ ফাটি তেল নিৰ্গত–টিংখাঙৰ শালমাৰি দীঘলীয়াত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা


ডিব্ৰুগড়, ০৬ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শালমাৰি দীঘলীয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কালি নিশাৰ ভাগত হঠাৎ অইল ইণ্ডিয়াৰ পাইপলাইন বিকট শব্দৰে ফাটি অহৰহ নিৰ্গত হয় ক্ৰুড অইল। সমগ্ৰ অঞ্চলটোত বিয়পি পৰিছে তীব্ৰ দুৰ্গন্ধ। ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ডৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

জানিব পৰামতে, নিশা প্ৰায় ১০ বজাত সংঘটিত ঘটনাৰ পিছত নিমিষতে ক্ৰুড অইলে আবৰি ধৰে সমীপৰ কৃষি পথাৰ আৰু মীন পালন কৰা পুখুৰীসমূহ। তেল নিৰ্গত হোৱাৰ ফলত পুখুৰীত পোহা মাছবোৰৰ মৃত্যু হৈছে। কেৱল সেয়াই নহয়, প্ৰায় ১ কিলোমিটাৰ অঞ্চললৈ বিয়পি পৰিছে ভয়ানক দুৰ্গন্ধ, যাৰ ফলত উশাহ লোৱাতো কষ্টকৰ হৈ পৰিছে। ৰাইজৰ আশংকা— দিনৰ পোহৰত এই গেছ বায়ুৰ লগত সংমিশ্ৰিত হ’লে জীৱকুলৰো বিস্তৰ ক্ষতি হ’ব পাৰে। নিশাই ঘটনাস্থলীত অইল কৰ্তৃপক্ষ উপস্থিত হৈ তেল নিৰ্গমন বন্ধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰে ।

উল্লেখ্য যে, অঞ্চলটোত পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। অতি পুৰণি হোৱা পাইপবোৰত অইল কৰ্তৃপক্ষই কেৱল তাপলি মাৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজসকলেয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande