
ধুবুৰী, ০৬ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি সোমবাৰৰ সন্ধিয়া উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিলাসীপাৰাৰ এলেংমাৰীত অহা ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন আৰু যুৱ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে। প্ৰস্তুতিৰ বুজ লবলৈ আহি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নাথ যোগী জনগোষ্ঠীৰ বিশেষ সমবেত সংগীত গালে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেশৰ বাবে জাতিৰ বাবে ওলাই আহা বুলি মন্তব্য কৰে । তেওঁ কয় যে অসমত পুনৰ এনডিএ চৰকাৰ আহিব। কংগ্ৰেছৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক যাত্ৰা লৈও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰি কয় যে কংগ্ৰেছ দলে ৰাইজৰ পদূলিতে থাকিব আমি হুনুমানৰ নিচিনাকৈ মানু্হৰ বুকুত আছোঁ। বিজেপিয়ে ৯০ পৰা ১০০ খন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে ৭ৰ পৰা ৮ খন আৰু বাকীকেইটা এআইইউডিএফ দলে পাব বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ