অভিলেখ ভংগ কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰা নাছিল: সিদ্ধাৰমাইয়া
মহীশূৰ, ০৬ জানুৱাৰী (হি.স.)। সমাজত এতিয়াও বৈষম্য বিদ্যমান আৰু যেতিয়ালৈকে ইয়াক নিৰ্মূল কৰা নহয় আৰু সকলোৱে সম ন্যায় নাপায় তেতিয়ালৈকে তেওঁ ৰাইজৰ বাবে যুঁজি থাকিব আৰু কাম কৰি যাব। মঙলবাৰে মহীশূৰস্থিত নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ
Cm


Cm


মহীশূৰ, ০৬ জানুৱাৰী (হি.স.)। সমাজত এতিয়াও বৈষম্য বিদ্যমান আৰু যেতিয়ালৈকে ইয়াক নিৰ্মূল কৰা নহয় আৰু সকলোৱে সম ন্যায় নাপায় তেতিয়ালৈকে তেওঁ ৰাইজৰ বাবে যুঁজি থাকিব আৰু কাম কৰি যাব। মঙলবাৰে মহীশূৰস্থিত নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই।

প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱৰাজ আৰাছুৰ কাৰ্যকালৰ অভিলেখ সমতা স্থাপন কৰাৰ প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় যে তেওঁ কেতিয়াও অভিলেখ ভংগৰ উদ্দেশ্যেৰে ৰাজনীতিত প্ৰৱেশ কৰা নাছিল। এই অভিলেখ আকস্মিকভাৱে লাভ কৰা হৈছিল। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে দেৱৰাজ আৰাছুৱে ৰাজ্যখনক কিমান বছৰ নেতৃত্ব দিছিল সেই বিষয়েও তেওঁ অৱগত নাছিল। ৰাইজৰ আশীৰ্বাদ আৰু সহযোগত এই সকলোবোৰ সম্ভৱ হৈছিল।

মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ত সিদ্ধান্ত দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে তেওঁ নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব বুলি আস্থা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় যে দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনে তেওঁক সন্তুষ্টি কঢ়িয়াই আনিছে আৰু জনসাধাৰণৰ বাবে কাম কৰাটো আনন্দৰ বিষয়। তেওঁ কয় যে ৰাজনীতিৰ প্ৰকৃত অৰ্থ হৈছে দুখীয়া, দলিত, পিছপৰা শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা আৰু কাম কৰা।

ৰাজনৈতিক যাত্ৰাৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াও ভবা নাছিল। তেওঁৰ আটাইতকৈ ডাঙৰ ইচ্ছা আছিল বিধায়ক হোৱাৰ, কিন্তু পৰিস্থিতি আৰু সুযোগৰ বাবে তেওঁ বিধায়ক, মন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, বিৰোধী দলৰ নেতা, আৰু শেষত মুখ্যমন্ত্ৰী হৈ পৰে। তেওঁ লাভ কৰা সুযোগ আৰু জনসাধাৰণৰ আস্থাৰ বাবেই এই সকলোবোৰ সম্ভৱ হোৱা বুলিও তেওঁ কয়।

মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই কয় যে দেৱৰাজ আৰাছু আৰু তেওঁ দুয়োজনেই মহীশূৰৰ পৰা আহিছে আৰু দীৰ্ঘদিন ধৰি মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে যদিও তেওঁলোকৰ কাৰ্যকাল বেলেগ আছিল। দেৱৰাজ আৰাছুৱে ১৯৭২ চনৰ পৰা ১৯৮০ চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে তেওঁ নিজে দুবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে।

মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই পুনৰ কয় যে যেতিয়ালৈকে সমাজত বৈষম্য আৰু অন্যায় অব্যাহত থাকিব তেতিয়ালৈকে তেওঁ জনসাধাৰণৰ স্বাৰ্থৰ বাবে যুঁজি থাকিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande