যোৰহাটত কংগ্ৰেছৰ জাতি বচাওঁক, মাটি বচাওঁক কাৰ্য্যসুচী আৰম্ভ
যোৰহাট, ০৬ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ জাতি বচাওঁক, মাটি বচাওঁক পদযাত্ৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। যোৰহাট জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই পদযাত্ৰা কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম, ভাৰতীয় জাত
যোৰহাটত কংগ্ৰেছৰ জাতি বচাওঁক, মাটি বচাওঁক কাৰ্য্যসুচী আৰম্ভ


যোৰহাট, ০৬ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ জাতি বচাওঁক, মাটি বচাওঁক পদযাত্ৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। যোৰহাট জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই পদযাত্ৰা কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং,ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মিথিলেশ যাদৱ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক কৃশাণু বৰুৱা, যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁইকে ধৰি বহু সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে।

যোৰহাট ষ্টেডিয়ামত এখন সভা অনুষ্ঠিত কৰি যুৱ কংগ্ৰেছে জাতি বচাওঁক, মাটি বচাওঁক পদযাত্ৰাৰ সন্দৰ্ভত যোৰহটীয়া ৰাইজক অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande