জাগীৰোড সমষ্টিতো দেৱাল লিখনৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
মৰিগাঁও, ০৬ জানুৱাৰী (হি.স.)। জাগীৰোড সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জাগীৰোড বিধানসভা সমষ্টিত বৃদ্ধি পাইছে শাসকীয় বিজেপি দলৰ তৎপৰতা। জাগীৰোড মণ্ডল বিজেপিৰ
জাগীৰোড সমষ্টিতো দেৱাল লিখনৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান


জাগীৰোড সমষ্টিতো দেৱাল লিখনৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান


মৰিগাঁও, ০৬ জানুৱাৰী (হি.স.)। জাগীৰোড সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জাগীৰোড বিধানসভা সমষ্টিত বৃদ্ধি পাইছে শাসকীয় বিজেপি দলৰ তৎপৰতা।

জাগীৰোড মণ্ডল বিজেপিৰ উদ্যোগত আজি জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই দেৱাল লিখন অভিযানেৰে আৰম্ভ কৰিলে গেৰুৱা দলৰ নিৰ্বাচনী প্ৰচাৰ।

এই দেৱাল লিখন কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণিতা কলিতা ডেকা সমন্বিতে কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande