
নগাঁও, ০৬ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ ধিং বিধান সভা সমষ্টিৰ ডুমডুমিয়া গাঁৱৰ শ্ৰীশ্ৰী নৰোভা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে জড়িত ভোটাৰ তালিকাৰ খচৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি খচৰা ভোটাৰ তালিকাত এনে কিছুমান নাম সংযোজন কৰা হৈছে, যাৰ সত্ৰীয়া পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাই।
অভিযোগ অনুসৰি ডেকা সত্ৰীয়া যাদৱচন্দ্ৰ দেৱ গোস্বামীৰ পৰিয়ালৰ তালিকাত জাহুৰা খাতুন, শ্বাহিদুল ইছলাম আৰু ছামিম অনিছাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। স্থানীয় ৰাইজে দাবী কৰে যে এই নামবোৰ কেতিয়াও গোস্বামী পৰিয়ালৰ নাছিল।
ভোটাৰ তালিকাৰ খচৰাত অজ্ঞাত নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত ভোটাৰ তালিকাৰ সত্যতা আৰু পৰীক্ষণ প্ৰক্ৰিয়াক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এই বিষয়টোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
স্থানীয় নাগৰিক আৰু সামাজিক সংগঠনসমূহে নিৰ্বাচন বিভাগে বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি কেৱল যোগ্য ভোটাৰৰ নামহে তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। এই সন্দৰ্ভত নিৰ্বাচন প্ৰশাসনৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া