ৰহাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
ৰহাত ভয়ংকৰ অগ্নিকাণ্ড।
ৰহাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


নগাঁও, ০৬ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰহাত যোৱা কালি সোমবাৰে নিশাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰহা চহৰৰ মাজমজিয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ যায় পুৰণা চাৰিআলিৰ এখন দোকান।

অগ্নিকাণ্ডৰ ফলত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকানত থকা নগদ ধনৰ লগতে প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ছাই হৈ যায়।অগ্নিকাণ্ডৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে নাই কোনো সঠিক তথ্য। দোকানখনৰ স্বত্বাধিকাৰী শ্বৰীফুল হক বুলি জানিব পৰা গৈছে । বৰ্তমান সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে শ্বৰীফুল হক নামৰ ব্য়ৱসায়ীজন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande