ডিমৰীয়া সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। গুৱাহাটীত মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখনেৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ পিছত ডিমৰীয়া সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চা
ডিমৰীয়া সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান


ডিমৰীয়া সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান


গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। গুৱাহাটীত মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখনেৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ পিছত ডিমৰীয়া সমষ্টিতো দেৱাল লিখন অভিযানেৰে আৰম্ভ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিত বৃদ্ধি পাইছে শাসকীয় বিজেপি দলৰ তৎপৰতা।

ডিমৰীয়া মণ্ডলৰ অন্তৰ্গত ক্ষেত্ৰীত আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাসে দেৱাল লিখন অভিযানেৰে আৰম্ভ কৰিলে গেৰুৱা দলৰ নিৰ্বাচনী প্ৰচাৰ।

এই দেৱাল লিখন কাৰ্যসূচীত ডিমৰীয়া মণ্ডলৰ সভানেত্ৰী জুনু পাটৰ, সাধাৰণ সম্পাদকদ্বয় প্ৰশান্ত মেধি আৰু যতীন্দ্ৰ ডেকা, ২০ নং ডিমৰীয়া জিলা পৰিষদৰ সদস্য যতীন মেধি সমন্বিতে কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে।অনুৰূপ ধৰণে ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে দেৱান লিখনৰ জৰিয়তেদি বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলায় এক প্ৰকাৰে নিৰ্বাচনী ৰণশিঙা বজালে।ি

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande