
গোলাঘাট, ০৬ জানুৱাৰী (হি.স.): দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৮ জানুৱাৰীত অসমলৈ আহিব । কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'ব লগীয়া চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলিয়াবৰৰ মৌচন্দা পথাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব লগা মৌচন্দা পথাৰত যোৱা কালি নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মৌচন্দা পথাৰত উপস্থিত হৈ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰাৰ লগতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশ জাৰি কৰে। পৰ্যবেক্ষণৰ সময়ত স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ