লাকুৱাত ড্ৰাগছ বিৰোধী প্ৰতিবাদ
শিৱসাগৰ, ০৬ জানুৱাৰী (হি.স.)। লাকুৱাত ড্ৰাগছ বিৰোধী প্ৰতিবাদ । লাকুৱা বাগান তিনিআলিৰ পৰা থানালৈ ৰেলী । লাকুৱা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত লাকুৱাত মাদক দ্ৰব্য , ড্ৰাগছৰ প্ৰচলনৰ বৃদ্ধি পোৱাত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী । বৃহত্তৰ লাকুৱা অঞ্চলত ড্ৰ
লাকুৱাত ড্ৰাগছ বিৰোধী প্ৰতিবাদ


শিৱসাগৰ, ০৬ জানুৱাৰী (হি.স.)। লাকুৱাত ড্ৰাগছ বিৰোধী প্ৰতিবাদ । লাকুৱা বাগান তিনিআলিৰ পৰা থানালৈ ৰেলী । লাকুৱা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত লাকুৱাত মাদক দ্ৰব্য , ড্ৰাগছৰ প্ৰচলনৰ বৃদ্ধি পোৱাত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী ।

বৃহত্তৰ লাকুৱা অঞ্চলত ড্ৰাগছ , অবৈধ সুৰা আদি মাদক দ্ৰব্যৰ অবাধ প্ৰচলন দিনক দিনে বৃদ্ধি পাব ধৰিছে যাৰ ফলত যুৱ সমাজ সহজেই আকৃষ্ট হৈ এক অৰাজক পৰিবেশৰ সৃষ্টি কৰিছে । শংকিত হৈ পৰিছে লাকুৱাৰ অভিভাৱক তথা মহিলা সকল।

আজি ড্ৰাগছ আৰু মাদকদ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক সজাগতামুলক সমদল বাহিৰ কৰে । অতি শীঘ্ৰেই ড্ৰাগছ আৰু মাদকদ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে লাকুৱা মহিলা সকলে

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande