বিহাৰৰ মুঝফফৰপুৰত মিলিটাৰী স্পেচিয়েল ৰে’লগাড়ীত থকা ট্ৰাকৰ অ’এইচইৰ সৈতে খুণ্ডা, জুই লাগি ৰে’ল চলাচল বিঘ্নিত
মুজাফ্ফৰপুৰ, ০৬ জানুৱাৰী (হি.স.)। বিহাৰৰ মুজাফ্ফৰপুৰত মঙলবাৰে পুৱাই এক বৃহৎ ৰে’ল দুৰ্ঘটনা ৰোধ কৰা হয়। মতিহাৰী অভিমুখী এখন সামৰিক বিশেষ ৰে’লত কঢ়িয়াই নিয়া এখন ট্ৰাক মাডিপুৰৰ সমীপত ওভাৰহেড ইকুইপমেণ্ট (অ’এইচই)ৰ সৈতে খুণ্ডা লাগে। ইয়াৰ লগে লগে ট্ৰাকখ
मिलिट्री स्पेशल ट्रेन में रखे हुए  लोड ट्रक ओवरहेड इक्विपमेंट (ओएचई) से टकरा गई जिसकी मरम्मत करते सैन्य जवान


बिहार के मुजफ्फरपुर में ओएचई से टकराने के बाद खड़ी मिलिट्री ट्रेन


মুজাফ্ফৰপুৰ, ০৬ জানুৱাৰী (হি.স.)। বিহাৰৰ মুজাফ্ফৰপুৰত মঙলবাৰে পুৱাই এক বৃহৎ ৰে’ল দুৰ্ঘটনা ৰোধ কৰা হয়। মতিহাৰী অভিমুখী এখন সামৰিক বিশেষ ৰে’লত কঢ়িয়াই নিয়া এখন ট্ৰাক মাডিপুৰৰ সমীপত ওভাৰহেড ইকুইপমেণ্ট (অ’এইচই)ৰ সৈতে খুণ্ডা লাগে। ইয়াৰ লগে লগে ট্ৰাকখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু অ’এইচইৰ যথেষ্ট ক্ষতিসাধন হয়, যাৰ ফলত অঞ্চলটোৰ ৰে’লৰ কাম-কাজ সম্পূৰ্ণৰূপে ব্যাহত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখন অ’এইচইৰ অতি ওচৰেৰে গৈ আছিল। বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে জুই জ্বলি উঠে। জুই ইমানেই তীব্ৰ আছিল যে কিছু সময়ৰ বাবে আতংকৰ সৃষ্টি হৈছিল। কিন্তু ৰে’লত থকা সামৰিক বাহিনীয়ে নিজৰ অগ্নিনিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

এই ঘটনাত ট্ৰাকখন ঢাকি ৰখা টাৰ্পলিন আৰু কিছু চকী জ্বলি যায় যদিও কোনো লোক হতাহত হোৱা নাই।

অগ্নিকাণ্ডৰ ফলত অৱাৰ হেড সঁজুলি (অ’এইচই) ফাটি যায় আৰু অংশটোৰ বিদ্যুৎ যোগান ব্যাহত হয়। তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱেৰ ট্ৰেকচন ডিষ্ট্ৰিবিউশ্যন বিভাগ (টি আৰ ডি), ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ), আৰু চৰকাৰী ৰে’লৱে আৰক্ষী (জি আৰ পি)ৰ দল উপস্থিত হৈ মেৰামতিৰ কাম আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰেলৱেই সামৰিক বিশেষ ৰে’লখনত ডিজেল ইঞ্জিন সংলগ্ন কৰি আগলৈ পঠিয়াই দিয়ে।

এই দুৰ্ঘটনাটোৱে ৰে’ল চলাচলত যথেষ্ট প্ৰভাৱ পেলাইছে। মুজাফ্ফৰপুৰ-নৰকটীয়াগঞ্জ ইন্টাৰচিটি আৰু মুজাফ্ফৰপুৰ-ৰক্সাউল মেমু ৰে’লৰ সময়সীমা মুজাফ্ফৰপুৰ জংচনত পুনৰ নিৰ্ধাৰণ কৰা হয়। মুজাফ্ফৰপুৰ জংচনত ১৮ মিনিট ধৰি ৰখা কাটিহাৰ-অমৃতসৰ অম্ৰপালী এক্সপ্ৰেছক পিছত পুৱা ৭ বজাত এম ই এম ইউৰ জৰিয়তে আপ লাইনত পঠিওৱা হয়। সোণপুৰ আৰু সমস্তীপুৰ সংমণ্ডলত মাজে মাজে চলি আছে আন আন ৰে’ল। লগতে কেইবাখনো যাত্ৰীবাহী ৰে’ল মুজাফ্ফৰপুৰ জংচন আৰু কাষৰীয়া প্লেটফৰ্মত আবদ্ধ হৈ পৰে। ঠাণ্ডা বতৰত যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৰে’লৱে। কিন্তু প্ৰাথমিক তথ্য অনুসৰি অ’এইচইৰ অত্যধিক বেণ্ডিঙৰ বাবেই এই কাণ্ড সংঘটিত হ’ব পাৰে। ৰেলৱেৰ বিষয়াসকলে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কাম কৰি আছে আৰু যাত্ৰীসকলক ধৈৰ্য্য ধৰিবলৈ আহ্বান জনোৱা হৈছে।

মেৰামতি সম্পূৰ্ণ হোৱাৰ লগে লগে ৰে’ল প্ৰশাসনে ৰে’লৰ কাম-কাজ পুনৰ আৰম্ভ কৰা হ’ব বুলি আশ্বাস দিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande