বিলাসীপাৰাত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান
বিলাসীপাৰাত পুনৰ পুৱাই চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।
বিলাসীপাৰাত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান


ধুবুৰী, ০৬ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ পুৱাৰ পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰা সন্তোষপুৰ আৰু চিৰাকুটাত পট্টা ভুমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।

আজি পুৱা ৯ বজাৰৰ পৰা আৰম্ভ হয় উচ্ছেদ অভিযান। পট্টা ভূমিত থকা ৯০ টা পট্টা দাৰ পৰিয়াল আৰু ৪০ টা বাসগৃহত চলিব এই উচ্ছেদ অভিযান।যোৱা ৮ জুলাই মাহত উক্ত স্থানত চৰকাৰী খাচ মাটিত ৩৫০০ হাজাৰ বিঘা উচ্ছেদ কৰিছিল জিলা প্ৰশাসনে।এই অঞ্চলৰ প্ৰায় ১০৬৯ পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে। উক্ত স্থানত ভূমি অধিগ্ৰহণ কৰি চৰকাৰে এপি.ডি.চি.এল'ক হস্তান্তৰ কৰিছে অসম চৰকাৰে। ছয় মাহৰ পিছত পট্টা ভুমিত থকা পৰিয়ালক ইতিমধ্যে বেলেগ স্হানত ভূমি হস্তান্তৰ কৰাৰ লগতে চৰকাৰী ভাবে সকলো ধৰণৰ ক্ষতি পূৰণ দিছে জিলা প্ৰশাসনে। পট্টা ভুমিৰ ক্ষতি পূৰণ দিয়াৰ পিছতো একাংশই এৰা নাই ঠাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande