বিটিচিৰ চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ তালিকাত এজনো সংখ্য়ালঘু সদস্য় অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত
কোকৰাঝাৰ, ০৬ জানুৱাৰী (হি.স.)। বিটিচিৰ চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ তালিকাত এজনো সংখ্যালঘু সদস্য অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। এই সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সম্পাদক ৰুছুল খান আৰু বি
বিটিচিৰ চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ তালিকাত এজনো সংখ্য়ালঘু সদস্য় অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত


কোকৰাঝাৰ, ০৬ জানুৱাৰী (হি.স.)। বিটিচিৰ চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ তালিকাত এজনো সংখ্যালঘু সদস্য অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে।

এই সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সম্পাদক ৰুছুল খান আৰু বিজনী জিলা আমছুৰ সভাপতি জাহেদ আলীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে যোৱা বিটিচি নিৰ্বাচনত ৮৮ শতাংশ সংখ্যালঘু ৰাইজে বিপিএফক ভোট প্ৰদান কৰিছিল।

সেই ভোট লৈ হাগ্ৰামা মহিলাৰীয়ে গৰিষ্ঠসংখ্যক চিত লৈ চৰকাৰ গঠন কৰিলে। বিটিচি চৰকাৰে চেন্ট্ৰেল চিলেকচন বোৰ্ড গঠন কৰিলে । কিন্তু সংখ্যালঘুই হিয়া উজাৰি ভোট দিয়াৰ পিছতো ১১ জনীয়া তালিকাত সংখ্যালঘুৰ পৰা এজনো সদস্য অন্তৰ্ভুক্ত নহ'ল।

ইয়াৰ জৰিয়তে সংখ্যালঘুক সম্পূৰ্ণ ভাৱে প্ৰতাৰণা কৰিছে বুলিও আমছুৱে অভিযোগ কৰে। ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিপিএফ চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমছু সাজু আছে বুলিও তেওঁ কয়।

বটিচি চৰকাৰে গঠন কৰা চেন্ট্ৰেল চিলেকচন বোৰ্ড পুনৰ বিবেচনা কৰি সংখ্যালঘু লোকক অন্তৰ্ভুক্ত কৰিবলৈ হাগ্ৰামা মহিলাৰীক আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande