
নগাঁও, ০৬ জানুৱাৰী (হি.স.): সম্প্ৰতি পথাৰৰ লখিমী আহি ঘৰ সোমাল ৷ অসমীয়া ৰাইজ এতিয়া ব্যস্ত হৈছে হেপাহৰ ভোগালীক আদৰিবলৈ ৷ জা-জলপান, পিঠাপনা প্ৰস্তুত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ একেদৰে নিতৌ ব্যস্ত হৈছে পৰিছে ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি ৷ ভগৱান সেনাপতি মানেই ভেলাঘৰ ৷ প্ৰতিবছৰে আটকধুনীয়া আৰু ব্যতিক্ৰমী ভেলাঘৰ সাজি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰহাৰ আমনিশালীৰ এইজন থলুৱা শিল্পী ভগৱান সেনাপতিয়ে এইবাৰো নিৰ্মাণ কৰিছে অন্য এক ব্যতিক্ৰমী ভেলাঘৰ ৷
২০১১ চনৰ পৰা প্ৰতি বছৰে ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰি আহিছে বাৰ্তাবাহক ভেলাঘৰ ৷ ভেলাঘৰৰ জড়িয়তে সাম্প্ৰতিক কালৰ ঘটনাপ্ৰবাহ উপস্থাপন কৰি ৰাইজক ইতিবাচক বাৰ্তা দিবলৈ প্ৰয়াস কৰি আহিছে ভগৱান সেনাপতিয়ে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ এইবাৰ ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাণ পাব জুবিন গাৰ্গৰ স্মৃতি ৷ আমনিশালী যুৱক সংঘৰ সৌজন্যত ভগৱান সেনাপতিয়ে ছিংগাপুৰত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ নিৰ্মাণ কৰিছে এটা আকৰ্ষণীয় ভেলাঘৰ ৷ প্ৰায় ৮০ ফুট দৈঘ্যৰ আৰু ৪০ফুট উচ্চতাৰ এখন য়ট ৷ য়টখনৰ ওপৰত প্ৰতিকী ৰূপত তুলি ধৰা হৈছে জুবিন গাৰ্গৰ গীতাৰখন৷ লগত থাকিব জুবিন গাৰ্গে ভালপোৱা বগলীটো, বান্দৰটো আৰু কাউৰীটো৷
জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰেমক এনেদৰে প্ৰতিকী ৰূপত ভেলাঘৰত তুলি ধৰাৰ চেষ্টা কৰিছে শিল্পী ভগৱান সেনাপতিয়ে ৷ যোৱা ডিচেম্বৰ মাহৰ ৮ তাৰিখৰ পৰা নেৰানেপেৰাকৈ ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰি আছে এই ব্যতিক্ৰমী ভেলাঘৰটো ৷ কেৱল নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰা ভেলাঘৰটো সম্পূৰ্ণ কৰোতে প্ৰায় ৭০ হাজাৰ টকা খৰচ হ’ব বুলি জানিব দিছে ভগৱান সেনাপতিয়ে ৷ পূৰ্বৰ দৰে এই ভেলাঘৰটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ উৰুকাৰ নিশা এই ভেলাঘৰতেই সকোলোৱে মিলি মাছে মঙহে ভোজভাত খোৱাৰো প্ৰস্তুতি চলাইছে স্থানীয় লোকসকলে ৷
উল্লেখ্য যে ২০১১ চনৰ পৰা ভগবান সেনাপতিয়ে প্ৰকৃতিপ্ৰেম, গঁড় সুৰক্ষা, কৰোনাকালত কৰোনাৰ সজাগতা, আদি বিভিন্ন আৰ্হিত বাৰ্তাবাহক ভেলাঘৰ সাজি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ