কুমাৰীকাটাত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,
তামুলপুৰ, ০৬ জানুৱাৰী (হি.স.)। তামুলপুৰ জিলাৰ কুমাৰীকাটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,তামুলপুৰ জিলাৰ উদ্যোগত মাঘ বিহু উপলক্ষে আজিৰে পৰা আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৬। জিলা খনৰ তামুলপুৰ, নাগ্ৰিজুলী আৰু গোৰেশ
কুমাৰীকাটাত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,


তামুলপুৰ, ০৬ জানুৱাৰী (হি.স.)। তামুলপুৰ জিলাৰ কুমাৰীকাটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,তামুলপুৰ জিলাৰ উদ্যোগত মাঘ বিহু উপলক্ষে আজিৰে পৰা আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৬। জিলা খনৰ তামুলপুৰ, নাগ্ৰিজুলী আৰু গোৰেশ্বৰ ব্লকৰ পৰা আয়োজিত ভোগালী মেলাত প্ৰায় ৩০টাৰো অধিক থলুৱা বিপনীয়ে অংশগ্ৰহণ কৰিছে।

বিভিন্ন ধৰণৰ পিঠা-পনাৰ লগতে,আচাৰ,থলুৱা হস্ততাত বস্ত্ৰশিল্পৰ দৰে বিপনি সমূহ অংশগ্ৰহণ কৰিছে এই ভোগালী মেলাত। থলুৱা আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পিঠাপনা আৰু হস্ততাত সামগ্ৰী সমূহ উপলব্ধ হৈছে অসমী ভোগালী মেলাত।

আজি জিলা আয়ুক্ত চিমি কৰন আৰু বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে উদ্বোধন কৰে এই ভোগালী মেলাৰ। গাঁওৰ আত্মসহায়ক গোটৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ লগতে উৎসাহ প্ৰদান কৰাৰ বাবে প্ৰতিবাৰেই আয়োজন কৰা হয় এই ভোগালী মেলা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande