
গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভোট চুৰিৰ বিষয়টোক লৈ মিঞা মুছলমানৰ বিৰুদ্ধে বিজেপিক তুষ্টিকৰণ আৰু বিভাজনমূলক ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ভোটাৰ তালিকা পুনৰীক্ষণৰ আঁত ধৰি মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে বুলিও তেওঁ কয়।
অখিল গগৈয়ে অভিযোগ কৰে যে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৬০টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা বৈধ ভোটাৰৰ নাম আঁতৰাবলৈ চৰকাৰক পৰামৰ্শ দিছে। ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাৰ দায়িত্ব ৰাজ্য মন্ত্ৰী অশোক সিংঘালৰ ওপৰত ন্যস্ত কৰা হৈছে বুলিও তেওঁ দাবী কৰে।
ৰাইজৰ দলৰ সভাপতিৰ মতে, এই প্ৰক্ৰিয়াৰ ফলত মুছলমান ভোটাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব। ভবিষ্যতে এই ক্ষতিগ্ৰস্ত মুছলমান ভোটাৰসকলক ‘ডি ভোটাৰ’ বুলি ঘোষণা কৰাৰ বাবেও চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ কৰে।
ইয়াক গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে প্ৰশাসনিক পদ্ধতিৰে ইচ্ছাকৃতভাৱে এটা সম্প্ৰদায়ক প্ৰান্তীয়কৰণৰ প্ৰয়াস কৰা হৈছে। অকলশৰীয়া ৰাইজৰ পাৰ্টিৰ বিধায়কগৰাকীক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোট বেংকৰ ৰাজনীতি কৰাৰ অভিযোগ শাসকীয় বিজেপিয়ে। শাসকীয় দল আৰু বিৰোধীৰ মাজত ৰাজনৈতিক বাক্যবাণ সম্প্ৰতি পূৰ্ণগতিত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া