দিল্লীৰ মাজলিছ পাৰ্ক মেট্ৰ’ ষ্টেচনৰ সমীপত ডিএমআৰচিৰ এটা ফ্লেটত অগ্নিকাণ্ডত স্বামী, পত্নী আৰু কন্যাৰ মৃত্যু
নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। আজি পুৱা উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰৰ মাজলিছ পাৰ্ক মেট্ৰ’ ষ্টেচনৰ সমীপত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনৰ ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডত এহাল স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ ১০ বছৰীয়া কন্যাৰ মৃত্যু হয়। অগ্নিনিৰ্বাপক
सांकेतिक


নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। আজি পুৱা উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰৰ মাজলিছ পাৰ্ক মেট্ৰ’ ষ্টেচনৰ সমীপত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনৰ ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডত এহাল স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ ১০ বছৰীয়া কন্যাৰ মৃত্যু হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে এই কথা নিশ্চিত কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, পুৱা প্ৰায় ২:৩৯ বজাত পঞ্চম মহলাৰ এটা ফ্লেটত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে ফোন লাভ কৰে। লগে লগে ছটা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে যেতিয়া ফ্লেটটোত প্ৰৱেশ কৰে তেতিয়া তিনিজন লোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। নিহত লোক দুজনৰ নাম অজয় ​​(৪২), তেওঁৰ পত্নী নীলম (৩৮) আৰু তেওঁলোকৰ কন্যা জাহ্নৱী (১০)।

আৰক্ষীৰ মতে, এটা কোঠাত ৰখা ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ডৰ পিছত বিয়পি পৰি সমগ্ৰ কোঠাটো আগুৰি ধৰে। জুই ইমান দ্ৰুতগতিত বিয়পি পৰে যে কোঠাটোত থকা তিনিজন লোকে নুমাব নোৱাৰি থিতাতে মৃত্যুক সাৱটি লয়।

পুৱা ৬:৪০ বজাৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে। জুই নিৰ্বাপন কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ৰাকেশে হাতত আঘাত পায়। তেওঁক চিকিৎসাৰ বাবে জগজীৱন ৰাম চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত ৰাকেশক ডিচচাৰ্জ দিয়া হয়। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande