
ওদালগুৰি, ০৬ জানুৱাৰী (হি.স.): ওদালগুৰি জিলাৰ টংলাত যোৱা কালি সোমবাৰে বিয়লি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয় । অহাঁ ৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বএই অধিৱেশন।
ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ খেলপথাৰত এবছুৰ সভাপতি দ্বীপেন বড়োয়ে বৈদিক ৰীতি-নীতিৰে স্থাপন কৰে বাৰ্ষিক অধিৱেশন উদযাপনৰ লাইখুটা । নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু টংলা আঞ্চলিক সমিতিৰ সহযোগত অহা ৫, ৬ আৰু ৭'ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টংলা মহাবিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হ’ব এবছুৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশন। শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক বিষয়েকে ধৰি আন কেতবোৰ বিষয় আলোচনাৰ স্থান পাব এই অধিৱেশনত। ইফালে মুকলি সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ কৰিছে। এইক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ