
কাছাৰ, ০৬ জানুৱাৰী (হি.স.)। চলি থকা মাদক দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে যোৱা কালি সোমবাৰে নিশা শিলচৰ-আইজল পথৰ সুনাবাৰীঘাট বাইপাছ এলেকাত নিৰাপত্তা সংস্থাই এক বৃহৎ অভিযান চলাই ৪০ পেকেট সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ মুঠ ওজন প্ৰায় ৪০৬ গ্ৰাম বুলি অনুমান কৰা হৈছে।
সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাম কৰি অভিযানৰ সময়ত এখন বলেৰো পিকআপ (এ এছ-১০বি চি-০৬১৬) আৰু এখন হুণ্ডাই ভেনিউ (এ এছ-১০জে-০৬৭৬) ৰখোৱা হয়। তালাচীৰ সময়ত বলেৰ’ পিকআপখনৰ এটা গোপন চেম্বাৰৰ পৰা সন্দেহযুক্ত হেৰ’ইন খিনি উদ্ধাৰ কৰা হয়।
এই গোচৰত মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন অভিযুক্ত কেইজন হ’ল শ্ৰীভূমি জিলাৰ নীলাম্বাজাৰৰ ৰূপৰগুলৰ নিবাসী কমৰুল ইছলাম (২৩); শ্ৰীভূমি জিলাৰ নীলামবাজাৰৰ কুটকুনাৰ বাসিন্দা হালিম উদ্দিন (২৫); মিজোৰামৰ আইজল জেমা বক নিবাসী হমুন পুই (৫০); শ্ৰীভূমি জিলাৰ নীলামবাজাৰৰ কুটকুনাৰ বাসিন্দা চৰ্মিনা পাৰবিন (২২); আৰু মিজোৰামৰ চম্পাইৰ বাসিন্দা লালথানপুই (৪১) বুলি পৰিচয় পোৱা গৈছে।
বিষয়াসকলৰ মতে জব্দ কৰা বাহনখন মিজোৰামৰ চম্পাই জিলাৰ পৰা আহিছিল। আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু গোচৰৰ আঁৰৰ নেটৱৰ্কৰ সন্ধান উলিয়াবলৈ তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া