পৰ্বতঝোৰাৰ দেৱীতলাত অঘটন–বিদ্যুৎস্পৃষ্ট হৈ নিহত ১
পৰ্বতঝোৰাৰ দেবীতলাত অঘটন ।
পৰ্বতঝোৰাৰ দেৱীতলাত অঘটন–বিদ্যুৎস্পৃষ্ট হৈ নিহত ১


কোকৰাঝাৰ, ০৫ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ দেবীতলাত যোৱা কালি দেওবাৰে বিয়লি এক অঘটন সংঘটিত হয়। বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত আন দুই শ্ৰমিক । বিদ্যুতিক খুঁটাত কাম কৰি থাকোঁতে বিদ্যুৎ সংযোগ হৈ এই দুৰ্ঘটনা ঘটে।

এই শোকাৱহ দুৰ্ঘটনাত নিহত শ্ৰমিকজন বিলাসীপাৰাৰ টিয়াপাৰা আজিদুল ৰহমান বুলি চিনাক্ত কৰা হৈছে । ইফালে আহত দুজন ক্ৰমে ভৱানীপুৰৰ ছামিনুৰ ইছলাম আৰু বিলাসীপাৰাৰ পলাশকান্দিৰ সুদ্বীপ চন্দ্ৰ বৰ্মন বুলি পৰিচয় পোৱা গৈছে । বিদ্যুৎ নবীকৰণ কামত নিযোজিত আছিল শ্ৰমিক তিনিজন। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংগঠিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আহত শ্ৰমিক দুজনক ডিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande