শিলিগুৰিৰ উদীয়মান খেলুৱৈ বিট্টু দাসলৈ এজন সমাজকৰ্মীৰ সহায়ৰ হাত
শিলিগুৰি, ০৫ জানুৱাৰী (হি.স.)। শিলিগুৰিৰ দক্ষিণ শান্তিনগৰৰ বাসিন্দা এথলীট বিট্টু দাসে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত পদক লাভ কৰি মহানগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু আৰ্থিক বাধাই তেওঁৰ ক্ৰীড়া জীৱনত এক ডাঙৰ বাধাৰ সৃষ্টি কৰিছিল। এই
एथलीट बिट्टू दास के साथ समाजसेवी शुभ दास


শিলিগুৰি, ০৫ জানুৱাৰী (হি.স.)। শিলিগুৰিৰ দক্ষিণ শান্তিনগৰৰ বাসিন্দা এথলীট বিট্টু দাসে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত পদক লাভ কৰি মহানগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু আৰ্থিক বাধাই তেওঁৰ ক্ৰীড়া জীৱনত এক ডাঙৰ বাধাৰ সৃষ্টি কৰিছিল। এই কঠিন সময়ত সমাজকৰ্মী শুভ দাসে সহায়ৰ হাত আগবঢ়ায়।

এই মাহত বিট্টু দাসে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। প্ৰতিযোগিতাখনৰ বাবে প্ৰয়োজনীয় উচ্চমানৰ ক্ৰীড়া জোতাৰ ব্যয় বেছি হোৱাৰ বাবে তেওঁৰ পৰিয়ালে সেই জোতা ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাছিল। এই তথ্য সমাজকৰ্মী শুভ দাসৰ ওচৰ পোৱাৰ লগে লগে তেওঁ আগবাঢ়ি আহি সোমবাৰে জোতা ক্ৰয়ৰ বাবে সম্পূৰ্ণ আৰ্থিক সাহায্য আগবঢ়ায়। লগতে বিট্টুক ভৱিষ্যতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে।

সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি আগ্ৰহী বিট্টুৱে পঢ়া-শুনাৰ লগতে নিয়মীয়াকৈ অনুশীলন কৰি আহিছে। তেওঁৰ ঘৰত প্ৰদৰ্শিত অসংখ্য পদক, ট্ৰফী আৰু প্ৰমাণপত্ৰই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ কাহিনী কয়।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সপোন বিট্টু দাসৰ। বিট্টুৰ দৰে প্ৰতিভাৱান খেলুৱৈয়ে যদি এনে সমৰ্থন লাভ কৰি থাকে তেন্তে বংগৰ ক্ৰীড়া জগতখন নিশ্চয়কৈ ফুলি উঠিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande