
লক্ষ্ণৌ, ০৫ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা প্ৰাক্তন বিধায়ক সংগীত সোমে বাংলাদেশৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি লাভ কৰে। এই বিষয়ত তেওঁ আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।
বিজেপি নেতা সংগীত সোমৰ বক্তব্যৰ বাবে সদায় বাতৰিৰ শিৰোনাম। শেহতীয়াকৈ তেওঁ বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হত্যা আৰু অত্যাচাৰ সন্দৰ্ভত এক বিবৃতি দিছিল। বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক চিনেমা অভিনেতা শ্বাহৰুখ খানৰ দল কেকেআৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আইপিএল) অন্তৰ্ভুক্ত কৰা, আৰু তাৰ পিছত প্ৰতিবাদৰ পিছত তেওঁক দলৰ পৰা অপসাৰণ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ শ্বাহৰুখ খানকো লক্ষ্য কৰি লৈছিল, যিয়ে পৰৱৰ্তী সময়ত তেওঁক চৰ্চালৈ আনিছিল।
সোমবাৰে পুৱা বাংলাদেশী নম্বৰৰ পৰা এই ভাবুকি লাভ কৰে। এই ফোনবোৰে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। এই বিষয়ত তেওঁ আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া