
Assam, 05 জানুৱাৰী
তেজপুৰৰ বিহগুৰিত ভয়াবহ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত দুজন
শোণিতপুৰ, ০৫ জানুৱাৰী (হি.স.)। তেজপুৰৰ বিহগুৰিত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। বালিপৰাৰ পৰা ঢেকিয়াজুলিলৈ বুলি আহি থকা এখন চুইফট ডিজায়াৰ বাহনে বিহগুৰিৰ ছাগলীআঁহত তল নামৰ অঞ্চলটোত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে থকা এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে। তীব্ৰ বেগত অহা বাহনখনৰ খুন্দাত গছডাল খণ্ড বিখণ্ড হৈ বাগৰি পৰাৰ লগতে বাহনখনৰ সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰে।
ঘন কুঁৱলীৰ বাবেই সংঘটিত এই দুৰ্ঘটনাত বাহনখনত থকা তিনিজন আৰোহী আহত হয় য’দিও ইয়াৰে দুজনৰ আঘাত গুৰুতৰ। দুৰ্ঘটনাটোত চালকৰ কাষৰ আসনত থকা বিহগুৰি অঞ্চলৰ সক্ৰিয় ৰাজহুৱা কৰ্মী, শোণিতপুৰ জিলা সাহিত্য সভাৰ উপ সভাপতি তথা বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ কটকী আৰু চন্দন নাথ গুৰুতৰভাৱে আহত হয়। দুয়োজনক ততাতৈয়াকৈ তেজপুৰৰ টাইমছ হাস্পতাললৈ নিয়া হয় যদিও চন্দন নাথক অৰ্থো কেয়াৰ হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। আনহাতে গুৰুতৰভাৱে আহত কটকীক পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ