ছিপাঝাৰৰ জয়ন্তীপুৰত ভোগালীক আদৰাৰ প্ৰস্তুতি
দৰং, ০৫ জানুৱাৰী (হি.স.)। ভোগৰ উৎসৱ ভোগালী বিহু সমাগত। গাঁৱে ভূয়ে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। পৰম্পৰাগত মেজি নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা গাভৰু সকল। ছিপাঝাৰৰ জয়ন্তীপুৰতো দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক উছাহ। এক উখল মাখল পৰিবেশত
ছিপাঝাৰৰ জয়ন্তীপুৰত ভোগালীক আদৰাৰ প্ৰস্তুতি


দৰং, ০৫ জানুৱাৰী (হি.স.)। ভোগৰ উৎসৱ ভোগালী বিহু সমাগত। গাঁৱে ভূয়ে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। পৰম্পৰাগত মেজি নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা গাভৰু সকল।

ছিপাঝাৰৰ জয়ন্তীপুৰতো দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক উছাহ। এক উখল মাখল পৰিবেশত গাওঁৰ কিশোৰ যুৱকহতে ভেলাঘৰ তথা পৰম্পৰাগত মেজি সজাত ব্যস্ত হৈ পৰিছে।

পথাৰৰ পৰা নৰা আনি শুকান কলপাত তথা বাহ আদিৰে পৰম্পৰাগত ভাৱে ভোগালী বিহুত মেজি তথা ভেলাঘৰ নিৰ্মাণৰ পৰম্পৰা আছে।সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিয়ে গাওঁখনৰ মুকলি পথাৰৰ মাজত যুৱক সকলে মেজি বনোৱা পৰিলক্ষিত হৈছে।কেৱল ছিপাঝাৰতে নহয় সমগ্ৰ অসমতে প্ৰত্যেক অসমীয়াই মাঘ বিহু তথা ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।

হিয়াৰ আমঠু প্ৰাণ শিল্পী জুবিন গাৰ্গক হেৰুৱাই এতিয়াও শোকস্তব্ধ হৈ আছে প্ৰত্যেক অসমীয়া। বিহু বুলি কলে বহাগ বিহুৱে হওক বা মাঘ বিহুৱেই হওক প্ৰাণৰ শিল্পীগৰাকীৰ এটি এটি হিট বিহুগীত তথা বিহুসুৰীয়া গীতেই বিহু পালনৰ এক অনবদ্য উপাদান আছিল। এইবাৰো হয়তো তেওঁৰেই গীত শুনি সকলোৱে বিহু উদযাপন কৰিব যদিও আজি কায়িক ভাৱে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই। এই কথা ভাবি সকলোৱে উচুপি উঠিছে। তথাপিও আনুষ্ঠানিকতা বজাই হলেও পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে সকলোৱে এনেদৰে ভোগালীৰ বাবে প্ৰস্তুতি চলায়ছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande