উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ, আন পাঁচজনৰ জামিন মঞ্জুৰ
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে দিল্লী সংঘৰ্ষকাৰী ষড়যন্ত্ৰৰ গোচৰৰ আন পাঁচজন অভিযুক্তক জামিন প্ৰদান কৰে। ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে জামিনত
supreme court


নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে দিল্লী সংঘৰ্ষকাৰী ষড়যন্ত্ৰৰ গোচৰৰ আন পাঁচজন অভিযুক্তক জামিন প্ৰদান কৰে।

ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে জামিনত মুক্তিৰ নিৰ্দেশ দিয়া অভিযুক্তসকলৰ ভিতৰত আছে গুলফিছা ফাতিমা, মীৰণ হাইদৰ, ছাদাব আহমেদ, মহম্মদ চেলিম খান। জামিন আবেদন সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত ২০২৫ চনৰ ১০ ডিচেম্বৰৰ বাবে সংৰক্ষিত কৰি ৰাখিছিল।দিল্লী আৰক্ষীয়ে দেশত চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ কৰি অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ বিৰোধিতা কৰিছিল। নেপাল আৰু বাংলাদেশৰ দৰেই চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বিচাৰিছিল।

কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি এ এছ জি (অতিৰিক্ত এটৰ্নী জেনেৰেল) এছ ভি ৰাজুৱে কয় যে অভিযুক্তই সংবিধানৰ প্ৰতি কোনো সন্মানৰ অভাৱত নাগৰিকত্ব সংশোধনী আইন (চি এ এ)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত লাঠি, এচিডৰ বটল, আগ্নেয়াস্ত্ৰ লৈ ফুৰিছিল। ৰাজুৱে যুক্তি আগবঢ়ায় যে কেৱল বিচাৰ পলম হোৱাৰ বাবেই অভিযুক্তক জামিন দিব নোৱাৰি। তেওঁ যুক্তি আগবঢ়ায় যে এই পলম হৈছে অভিযুক্তৰ বাবে, বিচাৰ বিভাগৰ নহয়।

অভিযুক্ত উমৰ খালিদৰ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে উল্লেখ কৰিছে যে এই গোচৰত ৭৫১টা এফআইআৰ দাখিল কৰা হৈছে যদিও উমৰ খালিদৰ নাম মাত্ৰ এটা এফআইআৰতহে আছে। ২০২২ চনৰ ডিচেম্বৰ মাহত সেই এফআইআৰত তেওঁক দোষমুক্ত কৰা হৈছিল।ষড়যন্ত্ৰৰ অভিযোগত দ্বিতীয়টো এফআইআৰ দাখিল কৰা হৈছে। ছিবালে উল্লেখ কৰে যে উমৰ খালিদ ৭৫০টা এফআইআৰৰ কোনো এটাতে জড়িত নহয়। ৭৫১টা এফআইআৰৰ ভিতৰত ১১৬টাত বিচাৰ চলোৱা হৈছিল, য’ত ৯৭টাক দোষমুক্ত কৰা হৈছিল। ১৭টা গোচৰৰ ভিত্তি হিচাপে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande