
চিৰাং, ০৫জানুৱাৰী (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিৰল দৃশ্য। গঁড়ে এটা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘক খেদা দৃশ্য বন্দী ৰাষ্ট্ৰীয় উদ্য়ান খন ভ্ৰমণ কৰা পৰ্যতকৰ সৈতে যোৱা ট্যুৰিষ্ট গাইডৰ কেমেৰাত। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে উক্ত ঘটনা।
ট্যুৰিষ্ট গাইড তপন কোচে কেমেৰাত বন্দী কৰে এই দৃশ্য।
গঁড় আৰু বনৰজাৰ বিৰল দৃশ্যই আপ্লুত কৰি তুলিছে পৰ্যটকক। উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন অনুসৰি বাঘৰ সংখ্যা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত অধিক।মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা বিগত পিয়লৰ সময়ত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টো পোহৰলৈ আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা