সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো দেৱাল লিখন কাৰ্যসূচী
কামৰূপ, ০৫ জানুৱাৰী (হি.স.)। বিজেপি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰে দেৱাল লিখন কাৰ্য্যসূচী । আজি ৰঙিয়াত বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ মাজমজিয়াত দেৱাল অংকন কৰি ৰঙিয়াত এই কাৰ্যসূচী শুভাৰম্ভ কৰে । দেৱালত পদুম ফুল অংকন
সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো দেৱাল লিখন কাৰ্যসূচী


সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো দেৱাল লিখন কাৰ্যসূচী


কামৰূপ, ০৫ জানুৱাৰী (হি.স.)। বিজেপি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰে দেৱাল লিখন কাৰ্য্যসূচী । আজি ৰঙিয়াত বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ মাজমজিয়াত দেৱাল অংকন কৰি ৰঙিয়াত এই কাৰ্যসূচী শুভাৰম্ভ কৰে ।

দেৱালত পদুম ফুল অংকন কৰে বিধায়ক কলিতাই । এই কাৰ্যসূচীৰ দ্বাৰা ২০২৬ৰ নিৰ্বাচনৰ বাবে বিজপিয়ে আনুষ্ঠানিক ভাৱে ৰণদংকা বজাই । আনহাতে ৰঙিয়াত অগপ দলৰ কেন্দ্ৰীয় নেতা অৰ্ণব ভৰালীয়ে ৰঙিয়াত বিজেপি দলক সহায় নকৰোঁ বুলি মন্তব্য কৰিছিল তাৰ প্ৰতিক্ৰিয়া আগবঢ়াই । তেওঁ মন্তব্য দি কয় যে দল এজনৰ মতে নচলে, তেওঁলোকৰ লগত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত মিত্ৰতা আছে গতিকে নেতৃত্বই যি সিদ্ধান্ত লয় সেইয়ে হ'ব ইয়াত কলে নহ'ব ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande