
বৰপেটা, ০৫ জানুৱাৰী (হি.স.): বৰপেটা জিলাৰ চেঙাৰ এটি ১৫ কোটি টকীয়া পকী পথ নিৰ্মাণৰ নামত ব্যাপকভাৱে দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বাবেই নিৰ্মাণৰ কিছুদিন পিছতেই জহি খহি গৈছে পথটি।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কালাইৰদিয়াৰ পৰা সুখোৱাৰঝাৰ আঞ্চলিক বজাৰলৈ যোৱা পকী পথ নিৰ্মাণত ঠিকাদাৰ মৃনালজ্যোতি দাসে নিম্নমানৰ কাম কৰাৰ বাবেই নিৰ্মাণৰ কিছুদিন পিছতেই পথটো এনেদৰে ভাঙি ছিঙি বিধ্বস্ত হৈ পৰিছে । পৰৱৰ্ত্তী সময়ত বিধ্বস্ত পথটো মেৰামতিৰ বাবে কোটি টকা আৱন্টন দিয়ে যদিও নামমাত্ৰ মেৰামতি কৰি সেই ধনো আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে । বিধ্বস্ত পকী পথটোৰে বিপজ্জনকভাৱে যাতায়াত কৰিছে অঞ্চলবাসীয়ে। আনহাতে লোকনিৰ্মাণ বিভাগৰ এএছ ০১–২২৬ নম্বৰ পেকেজৰ অধীনত নিৰ্মাণ কৰা পথটো পুনঃনিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ