ঢেকিয়ালৰ কুমাৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা–তেল ভৰ্তি টেংকাৰে মহতিয়ালে বাসগৃহ
ঢেকিয়ালৰ কুমাৰ গাঁৱত ভয়াংকৰ পথ দুৰ্ঘটনা ।
ঢেকিয়ালৰ কুমাৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা–তেল ভৰ্তি টেংকাৰে মহতিয়ালে বাসগৃহ


গোলাঘাট, ০৫ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ ঢেকিয়ালৰ কুমাৰ গাঁৱত যোৱা কালি দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন তেল ভৰ্তি টেংকাৰে মহতিয়ালে তিনিটাকৈ বাসগৃহ । ঢেকীয়ালৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ পৰা ধোদৰ আলি সংযোগী পথত নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা দুৰ্ঘটনাটো।

উল্লেখযোগ্য যে এনএল ০১ এএ ৪৭৭৮ নম্বৰৰ এখন তেল পৰিবাহী টেংকাৰ দেৰগাঁৱৰ দিশৰ পৰা আহি থকা অৱস্থাত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী টেংকাৰখনে ৰাস্তাৰ দাঁতিৰ এজোপা প্ৰকাণ্ড গছ উঘালি পেলোৱাৰ লগতে,বিদ্যুতৰ খুটা আৰু কেইবাটাও বাসগৃহ মহতিয়াই লৈ যায় । কথমপি প্ৰাণ ৰক্ষা পৰে বাসগৃহটোত থকা পৰিয়ালৰ লোক । বিদ্যুতৰ খুটা ভাঙি পেলোৱাৰ ফলত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা। দুৰ্ঘটনা সংঘটিত কৰি চালকজন পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। মদ্যপান কৰি দ্ৰুত বেগত চলোৱাৰ বাবে এই দূৰ্ঘটনাতো সংঘটিত হৈছে বুলি জানিব অনুমান কৰা গৈছে। টেংকাৰ খনৰ চালকজনৰ লগতে টেংকাৰত অহা দুজন আৰোহী দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande