ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচী
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা উদ্যোগত আৰু জিলা দূৰ্যোগ ব্যৱস্হাপনাৰ ও সোণাপুৰ ৰাজহ চক্ৰৰ দূৰ্যোগ ব্যৱস্থাপনাৰ সহযোগত আজিৰে পৰা ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বিশেষ অনুশীলন। এই অনুশী
ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচী


ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচী


গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা উদ্যোগত আৰু জিলা দূৰ্যোগ ব্যৱস্হাপনাৰ ও সোণাপুৰ ৰাজহ চক্ৰৰ দূৰ্যোগ ব্যৱস্থাপনাৰ সহযোগত আজিৰে পৰা ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বিশেষ অনুশীলন।

এই অনুশীলনটোত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অনুশীলনতো আনুষ্ঠানিক ভাৱে মুকলি কৰে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বৰ্মনে এই অনুশীলনত বিশেষকৈ ভূমিস্খলনৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আলোচনা কৰা হয় ।‌

দুই শতাধিক লোকে অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ চাৰিটা ডিজিটেল প্ৰেক্ষাগৃহত এই অনুশীলনৰ আয়োজন কৰা হয় । বিশেষকৈ ভূমিস্খলনৰ সময়ত কি দৰে নিজৰ লগতে আনকো সুৰক্ষিত কৰি সহায় আগবঢ়ায় পাৰে ,তাৰ বাবে এনেদৰে অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande