
দৰং, ০৫ জানুৱাৰী (হি.স.)। কলাইগাও উদমাৰীত প্ৰাক ভোগালী উদযাপন। কলাইগাও উদমাৰীত ভোগে সুখে ভোগালী ৰ এক অনুষ্ঠান যোৱা নিশা অনুষ্ঠিত হয়। আষ্ঠা প্ৰডাকচন, মা ফিল্মচ আৰু খাটি দৰংগিয়া ইউ টিউব চেনেল ৰ উদ্যোগত আৰু উদমাৰী বাসী ৰাইজৰ সহযোগত ভোগালী বিহুৰ প্ৰাকক্ষণত ভোগে সুখে ভোগালী নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।
ৰাজ্য়ত বৰ্তমান অব্যাহত থকা শীত লহৰৰ মাজতে প্ৰাক ভোগালী উদযাপন অনুষ্ঠানত গীত নৃত্যৰে উপস্থিত দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানত কেইবা গৰাকীও স্থানীয় নৱাগত গায়কে গীত পৰিৱেশন কৰে, কন কন শিশু সকলে নাট পৰিবেশন কৰাৰ লগতে নৃত্য পৰিৱেশন কৰাৰ সমান্তৰালভাৱে বিভিন্ন ব্যঞ্জনেৰে হাহে,মাহে এসাজ খাই নিশাটো অতিবাহিত কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু