
তিনিচুকীয়া, ০৫ জানুৱাৰী (হি স)। তিনিচুকীয়াৰ পৌৰসভাৰ অন্তৰ্গত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৱৰ্তী ৯নং ৱাৰ্ড আৰু ৮নং ৱাৰ্ডৰ নলাসমূহ পকা কৰি উন্নিত কৰণ কৰিবৰ বাবে তিনিচুকীয়া পৌৰসভাৰ নিবিদা মতে কাম আৰম্ভ হৈ আছে । এক আশ্চৰ্য্যকৰ বিষয় যে ঠিকাদাৰে নলা পকীকৰণৰ কামৰ নামত পথ বন্ধ কৰি ৰাইজক হাৰাশাস্তি সৃষ্টি কৰিছে । এতিয়া তিনিচুকীয়াৰ পৌৰসভাই দেখিও চকু মুদা কুলিৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ।
তিনিচুকীয়াৰ পৌৰসভাই ৰাইজৰ সুবিধাতকৈ ঠিকাদাৰৰ সুবিধাতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা পোৱা গৈছে । তাক লৈ আজি সৰব হৈ পুৱাভাগত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অতি সোনকালে পথসমূহ মুকলি কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ অভিযন্তাৰ লগতে বিভাগীয় অভিযন্ত্ৰা (ইঅ’)ক নিৰ্দেশ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ