কাজিৰঙাত আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস উদযাপন
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। কাজিৰঙাত আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস উদযাপন ৷এই সময়ছোৱাত আলহী পক্ষীৰে ভৰি পৰিছে কাজিৰঙাৰ নদী-বিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ জলাশয় সমূহত দেখিবলৈ পোৱা গৈছে আলহি পক্ষীৰ পয়োভৰ ৷ শীতৰ আগমনৰ লগে লগে কাজিৰঙালৈ আহিছে আলহি পক্ষী ৷

ৰাচিয়া,নেদাৰলেণ্ড,ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা আলহি পক্ষীয়ে মনোমোহা ৰূপ দিছে ৰাষ্ট্ৰীয় উদ্যান খনত ৷ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙাত থিতাপি লোৱা এই আলহী পক্ষী সমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী পৰ্যটনৰো সমল ৷ এই শীত কালতে কাজিৰঙালৈ অহা নানা ৰঙী পক্ষীৰ বিচৰণৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক ৷কিন্ত দুৰ্ভাগ্য়ৰ বিষয় যে শীত কালত অহা এই আলহী পক্ষী সমূহক একাংশ দুষ্ট প্ৰকৃতিৰ মানুহে চোৰাংভাবে চিকাৰ কৰি বজাৰত উচ্চ দৰত বিক্ৰী কৰি আহিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande