নলবাৰীত টহলদাৰী আৰক্ষীক মহতিয়াই নিয়াৰ অপচেষ্টা গৰুচুৰি চক্ৰৰ
নলবাৰী, ০৫ জানুৱাৰী (হি.স.)। নলবাৰীত চলিছে গৰুচোৰৰ সন্ত্ৰাস। নিশা হলেই গৰুচোৰে সন্ত্ৰাস চলাই নলবাৰীত। নিশা গৰুচোৰৰ দলে সংঘটিত কৰিলে ভয়ঙ্কৰ কাণ্ড। নিশা আৰক্ষীক মহতীয়াই নিবলৈ অপচেষ্টা গৰুচুৰি চক্ৰৰ। নলবাৰীৰ দৌলাশালত সংঘটিত হৈছে এই ঘটনা। নিশা দৌলাশাল
নলবাৰীত টহলদাৰী আৰক্ষীক মহতিয়াই নিয়াৰ অপচেষ্টা গৰুচুৰি চক্ৰৰ


নলবাৰী, ০৫ জানুৱাৰী (হি.স.)। নলবাৰীত চলিছে গৰুচোৰৰ সন্ত্ৰাস। নিশা হলেই গৰুচোৰে সন্ত্ৰাস চলাই নলবাৰীত। নিশা গৰুচোৰৰ দলে সংঘটিত কৰিলে ভয়ঙ্কৰ কাণ্ড। নিশা আৰক্ষীক মহতীয়াই নিবলৈ অপচেষ্টা গৰুচুৰি চক্ৰৰ। নলবাৰীৰ দৌলাশালত সংঘটিত হৈছে এই ঘটনা। নিশা দৌলাশাল আৰক্ষীৰে গৰু চুৰি চক্ৰৰ ভয়ংকৰ ঘটনা ৷

টহলদাৰী আৰক্ষীক মহতিয়াই নিয়াৰ অপচেষ্টা গৰুচুৰি চক্ৰৰ ৷দৌলাশাল আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে গৰুচুৰি চক্ৰটোৰ এজনক ৷

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত গৰুচোৰৰ বিৰুদ্ধে চলিছিল অভিযান ৷

বিলাসী বাহনসহ গৰুচোৰৰ দলটোৰ এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষী ৷

গৰুচোৰৰ দলটিক খেদি খেদি গৈ বাহনসহ এটা চোৰক কৰায়ত্ব কৰে যদিও তিনিটা চোৰ ঘটনাস্থলীৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে বুলি জানিব পৰা গৈছে৷ বিগত কিছুমাহ ধৰি মুকালমুৱা আৰু দৌলাশাল অঞ্চলত গৰুচুৰি চক্ৰটোৱে চলাইছিল সন্ত্ৰাস ৷ কালি নিশাও গৰুচুৰিৰ উদ্দেশ্যৰে দৌলাশাল এলেকাধীন অঞ্চলত প্ৰৱেশ কৰিছিল চাৰিজনীয়া চোৰৰ দল ৷

বিলাসী বাহনখনৰ নম্বৰ প্লেট সলনি কৰি কুখ্যাত গৰুচুৰি চক্ৰটোৱে চলাইছিল সন্ত্ৰাস ৷ ধৃত চোৰটো বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ জৈনুদ্দিন আলী বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে চোৰৰ দলটিৰ পৰা জব্দ কৰে গৰুচুৰিত ব্যৱহৃত চোকা অস্ত্ৰকে ধৰি বিভিন্ন সঁজুলি ৷ আৰক্ষীয়ে পুৱতিনিশা চোৰৰ দলটিৰ মাজৰ পৰা পলায়ন কৰা অন্যতম অভিযুক্ত ৰেজ্জাক আলীৰ বৰপেটাৰ বাসগৃহত অভিযান চলাই আপত্তিজক সামগ্ৰী আৰু নগদ ধন জব্দ কৰে৷

দৌলাশাল, ৰামপুৰ, বৰতলা আদি অঞ্চলৰ কেইবাটাও অসমীয়া পৰিয়ালৰ গৰু লৈ উধাও হৈছিল চক্ৰটোৱে ৷ নিশা হ'লেই বিলাসী বাহনখনৰ নম্বৰ প্লেট সলনি কৰি চক্ৰটোৱে চলাইছিল সন্ত্ৰাস ৷ আৰক্ষীয়ে জব্দ কৰা গৰুচুৰিত ব্যৱহৃত বিলাসী বাহনখনৰ নম্বৰ এ এছ ০৪ কে ২৯২৬ ৷ পূৰ্বে কেইবাবাৰো দৌলাশাল আৰক্ষীয়ে গৰুচুৰি চক্ৰটোক কৰায়ত্ব কৰিবলৈ চেষ্টা চলাইছিল যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande