জটিল ৰোগত আক্ৰান্ত গোসাঁইগাঁৱৰ মেধাৱী ছাত্ৰৰ সহায়ৰ আহ্বান
ধনৰ অভাৱত কৰিব পৰা নাই চিকিৎসা।
জটিল ৰোগত আক্ৰান্ত গোসাঁইগাঁৱৰ মেধাৱী ছাত্ৰৰ সহায়ৰ আহ্বান


কোকৰাঝাৰ, ০৫ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ এগৰাকী মেধাবী ছাত্ৰ সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত হৈ সঠিক চিকিৎসাৰ অভাৱত ভুগিছে। ছাত্ৰ গৰাকীক লৈ বিপদত পৰিছে পিতৃ মাতৃ। পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি মূৰে কপালে হাত দিছে পিতৃ - মাতৃয়ে । গাঁওবাসীয়ে সহায় কৰিও সুস্থ কৰিব পৰা নাই ছাত্ৰ জনক। জটিল ৰোগত আক্ৰান্ত ছাত্ৰজন হৈছে গোসাঁইগাঁৱৰ দক্ষিণ চৌতাৰা গাঁৱৰ বিনন বৰ্মণৰ পুত্ৰ খনিন্দ্ৰ বৰ্মণ বি এ পঞ্চম বৰ্ষৰ ছাত্ৰ। মেধাবী ছাত্ৰ গৰাকী হঠাৎ জটিল ৰোগত আক্ৰান্ত হয়।

জানিব পৰামতে, মূৰ ঘূৰাই পৰি যোৱাৰ পাছত অসুস্থ হৈ পৰে ছাত্ৰজন । পিছত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি চিকিৎসা কৰে যদিও সুস্থ কৰি তুলিব পৰা নাই । ধনৰ অভাৱত ছাত্ৰজনক ঘৰ লৈ ঘূৰাই আনে।ছাত্ৰ গৰাকীৰ শৰীৰ তলৰ অংশ অৱস হৈ পৰে। ছাত্ৰ গৰাকীক অস্ত্ৰ প্ৰচাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে যদিও দিন হাজিৰা কৰা পৰিয়ালটো অক্ষম। উপায়হীন হৈ ভেটি মাটি বিক্ৰী কৰি আৰু ৰাইজৰ দান বৰঙণি তুলি চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰিছে যদিও প্ৰয়োজন হোৱা ধনৰ আধা টকাও সংগ্ৰহ কৰিব পৰা নাই দৰিদ্ৰ পৰিয়ালটো । ছাত্ৰ জনৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটো অসমৰ মুখ্যমন্ত্ৰী, বিটিচি কৰ্তৃপক্ষ আৰু কে এ চিৰ কৰ্তৃপক্ষৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰে। কোনোবাই যদি সহায় কৰিব বিচাৰে তেন্তে ছাত্ৰ জনৰ Bank of India ৰAc/No -510110110001143IFC Code BKID0005101 নম্বৰত জমা কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande