

মৰিগাঁও, ০৫ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ ঔজাৰীত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা দুখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ।
জানিব পৰামতে, এএছ ০২ ডি ৯২৫৯ নম্বৰৰ টাটা বলেৰ আৰু এএছ ০৬ এএন ৯০৯১ নম্বৰৰ ডিজায়াৰ মাজত এই মুখামুখি সংঘৰ্ষ লাগে । টাটা ব'লেৰ খন ঘগুৱাৰ আৰু ডিজায়াৰ খন মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। এই ঘটনা আহত পাঁচগৰাকী মৰিগাঁও বি এড কলেজৰ শিক্ষয়িত্ৰী। টাটা ব'লেৰ আৰু ডিজায়াৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। আহত সকলৰ ভিতৰত বি এড কলেজৰ শিক্ষয়িত্ৰী
নিবেদিতা ডেকা, বৰ্ণালী হাজৰিকা, ছুছদিতা দেৱনন্দী, লোপমুদ্ৰা দাস, বিশাল ছেত্ৰী বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। আহত আটাইকেইজনকে ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar