

মৰিগাঁও, ০৫ জানুৱাৰী (হি.স.)। আজি পুৱতি নিশাই সমগ্ৰ ৰাজ্যক এক ৫.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ ফলত মৰিগাওঁত দুজন লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
ভূমিকম্প জোকাৰণিৰ সময়ত দৌৰি ঘৰৰ বাহিৰলৈ আহিবলৈ খোজোতো দুজন লোক আহত হয় ।ভূমিকম্পত কোনো ক্ষয় ক্ষতি হোৱা নায় যদিও আতংকিত হৈ দৌৰা দৌৰি কৰোতেহে লোক দুজন আহত হোৱা বুলি জানিব পৰা গৈছে।আহত লোকদুজনক ক্ৰমে মৰিগাওঁৰ নীৰজ কুমাৰ আৰু ন–দলবৰীৰ জয়মতী দেউৰী বুলি জানিব পৰা গৈছে।দুয়োৱে দৌৰাদৌৰি কৰাত মূৰত আঘাত পায় ফলত চিকিতসাধীন হব লগীয়া হয়। ইয়াৰে জয়মতী দেউৰী নামৰ মহিলাগৰাকীৰ মূৰত দহটাকৈ চিলাই পৰা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar